April 28, 2025 9:20 PM

views 42

জম্মু-কাশ্মীৰ বিধানসভাত পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ নিন্দা প্ৰস্তাৱ গৃহীত

জম্মু-কাশ্মীৰ বিধানসভাত আজি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ নিন্দা প্ৰস্তাৱ গৃহীত হয়। এই প্ৰস্তাৱত সন্ত্রাসবাদী আক্রমণক জঘন্য, বৰ্বৰ, অমানৱীয় আৰু কাপুৰুষৰ কাৰ্য বুলি ব্যাখ্যা কৰা হয়। বিধানসভাত প্রায় ৩ ঘণ্টাজোৰা দীঘলীয়া আলোচনাৰ অন্তত এই প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গৃহীত হয়। প্ৰস্তাৱটোত উল্লেখ কৰা অনুসৰি এনে ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যই কাশ্মীৰী জনসাধাৰণৰ প্ৰবৃত্তি, সংবিধানৰ প্ৰমূল্য আৰু একতা, শান্তি আৰু সদ্ভাবৰ ভাৱনাক পোনপটীয়াকৈ আঘাত কৰে। বিধানসভাই এই আক্ৰমণৰ ভুক্তভোগীসকলৰ সৈতে আছে বুলি প্ৰকাশ...