April 24, 2025 10:30 AM

views 36

জৰায়ুৰ কৰ্কট ৰোগ চিনাক্তকৰণৰ এইচ পি ভি পৰীক্ষণ সঁজুলিৰ পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত যুটীয়া বৈঠক

জৰায়ুৰ কৰ্কট ৰোগ চিনাক্ত কৰাৰ বাবে থলুৱাভাৱে বিকশাই তোলা এইছ পি ভি পৰীক্ষণ সঁজুলিৰ পৰ্যালোচনা চলোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত কালি এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভাষণ দি ড০ সিঙে থলুৱাভাৱে বিকশাই তোলা এই পৰীক্ষণ সঁজুলিৰ ভূয়সী প্রশংসা কৰাৰ লগতে এই উদ্ভাৱনক ৰোগ প্ৰতিৰোধৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ লগতে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ উন্নয়নত গুৰুত্ব আৰোপ কৰে। বিশ্বত জৰায়ু কৰ্কট ৰোগৰ ফলত প্ৰাণ হেৰুওৱা মুঠ মহিলাৰ ২৫ শতাংশ‍ই ভাৰতৰ বুলি মন...