December 30, 2024 8:27 PM

views 50

জিমি কাৰ্টাৰৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ যোৱা নিশা জর্জিয়া প্লেইনছৰ নিজা বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল এশ বছৰ। কাৰ্টাৰ আছিল ভাৰত ভ্ৰমণ কৰা তৃতীয়গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি। ১৯৭৭ ৰ পৰা ১৯৮১ চনলৈ ৰাষ্ট্ৰপতিৰ দায়িত্বত থকা কাৰ্টাৰে ২০০২ চনত শান্তিৰ নৱেল বঁটা লাভ কৰিছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্রীমোদীয়ে এটা শোকবার্তাত জিমি কাৰ্টাৰক এগৰাকী দূৰদৰ্শী নেতা বুলি উল্লেখ কৰি কয়, যে তেওঁ বিশ্বৰ শান্ত...