June 10, 2026 6:58 PM
14
চিলাপথাৰ পৌৰসভাৰ পদেন সদস্য হিচাপে জীৱন গগৈৰ আনুষ্ঠানিকভাৱে শপতগ্রহণ
চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে আজি চিলাপথাৰ পৌৰসভাত পদেন সদস্য হিচাপে আনুষ্ঠানিকভাৱে শপতগ্রহণ কৰে। চিলাপথাৰ পৌৰসভাৰ সভাকক্ষত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিধায়কগৰাকীয়ে জনসেৱা, উন্নয়ন আৰু সু-শাসনৰ পথত নিজকে সমৰ্পিত কৰি সকলোৰে সহযোগিতাত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে জনসাধাৰণৰ আস্থা, সহযোগিতা আৰু আশীর্বাদক শক্তি হিচাপে লৈ চিলাপথাৰৰ সর্বাংগীন উন্নয়ন, জনকল্যাণ আৰু সমৃদ্ধিৰ লক্ষ্যত সততাৰে কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পৱিত...