August 10, 2026 11:24 AM

views 30

ঝাৰখণ্ড বিধানসভা চৌহদৰ চাৰিওফালে শিক্ষার্থীসকলৰ বাবে নিষেধাজ্ঞা জাৰি

ঝাৰখণ্ড আৰক্ষীয়ে ৰাজ্যখনৰ শিক্ষার্থীসকলে আজি আহ্বান জনোৱা 'বিধানসভা মার্চ'ৰ পৰিপ্ৰেক্ষিতত বিধানসভা চৌহদৰ চাৰিওফালে নিষেধাজ্ঞা জাৰি কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ছাত্র-ছাত্রীসকলে বিগত দুসপ্তাহ ধৰি ৰাজ্যখনত নিয়োগ পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক মনোজ কৌশিকে ছাত্র ছাত্রীসকলক বিগত দুসপ্তাহত দেখুৱাৰ দৰে শান্তিপূর্ণ আৰু শৃংখলিতভাবে প্রতিবাদ কৰিবলৈ আহ্বান জনায়। ইপিনে ছাত্ৰ প্ৰতিবাদৰ মাজতে ঝাৰখণ্ড লোকসেৱা আয়োগৰ তিনিজন সদস্যই পদত...