November 24, 2024 7:50 PM

views 76

ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেন আই এন ডি আই মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত

ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেন আই এন ডি আই মিত্ৰজোঁটৰ বিধায়িনী দলৰ নেতা হিচাপে আজি বাছনি লাভ কৰে। আজি বিয়লি ৰাঁচীত মিত্ৰজোঁটটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। এই বৈঠকত ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি, চি পি আই এম এলৰ নৱনিৰ্বাচিত বিধায়কসকলে ভাগ লয়। নৱনিৰ্বাচিত হেমন্ত চোৰেনে ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰাৰ সম্ভাৱনা আছে। ঝাৰখণ্ডত ৮১ জনীয়া বিধানসভাত আই এন ডি আই মিত্রজোঁটে ৫৬ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপি ন...