November 17, 2024 11:14 AM

views 80

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনৰ বাবে প্ৰচাৰ অব্যাহত

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত এন ডি এ আৰু ইণ্ডি মিত্রজোঁটৰ শীর্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাজ্যখনৰ কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাক কঠোৰ সমালোচনা কৰিছে। ইপিনে মেৰা বুথ সব...