June 16, 2026 6:36 PM

views 20

ৰাজ্যত বাহকজনিত ৰোগত আক্ৰান্তৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ সজাগতা কাৰ্যসূচী গ্ৰহণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানী এনকেফেলাইটিছত আক্রান্ত হৈ যোৱা এপ্ৰিলৰ পৰা ১২ জন ৰোগী চিকিৎসাধীন হয়। ইয়াৰে ৫ জনৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে প্ৰকাশ কৰিছে। অধীক্ষকগৰাকীয়ে জনসাধাৰণক এই ৰোগৰ লক্ষণ দেখা মাত্রেই চিকিৎসকৰ সহায় লবলৈ আহ্বান জনাইছে। জুন-জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হ...