May 10, 2024 6:09 PM

views 37

হাৰিয়ানাত ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ

তিনিগৰাকী নিৰ্দলীয় বিধায়কে বিজেপি চৰকাৰৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্রত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে হাৰিয়ানাত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে কথা পাতি দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে হাৰিয়ানা চৰকাৰে স্পষ্টভাৱে বহুমত হেৰুৱাইছে আৰু ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ বাবে ই এটা উচিত কাৰণ। তেওঁ হাৰিয়ানাৰ লগতে কেন্দ্ৰতো বিজেপিৰ দিন চমু চাপি আহিছে বুলিও দাবী কৰে।