September 27, 2024 6:58 PM

views 69

ছিগেৰু ইছিবা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত

লিবাৰেল ডেম'ক্রেটিক পাৰ্টীৰ নেতা ছিগেৰু ইছিবা নিজ দলৰ নেতৃত্বৰ দৌৰত বিজয়ী হোৱাৰ পাছত জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব। তেওঁ জাতীয়তাবাদী ছানায়ে তাকাইছিক পৰাজিত কৰি বিজয় সাব্যস্ত কৰে। তাকাইছিয়ে ১৯৪টা ভোট লাভ কৰাৰ বিপৰীতে ইছিবাই ২১৫ টা ভোট লাভ কৰে। অহা অক্টোবৰত সংসদ আহ্বান কৰাৰ পাছত ইছিবাই জাপানৰ পৰৱৰ্ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব।