June 20, 2026 8:29 PM
11
জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৭০ গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অর্পণ
জাপানৰ প্ৰধানমন্ত্ৰী অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে। জাপানৰ প্রধানমন্ত্ৰীগৰাকীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে ৭০ গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ, পৰিবহণ, সকলো ব্যৱস্থাপনা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এই বিষয়াসকলক নির্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালছোৱাত সংগ দিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ বাবেই গুৱাহাটী মহান...