September 14, 2025 7:21 PM

views 56

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে। ৰাজ্যখনৰ সত্ৰ- নামঘৰসমূহৰ লগতে ঘৰে ঘৰে জন্মাষ্টমী উপলক্ষে নাম-প্ৰসঙ্গৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলী, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ প্ৰধান প্ৰধান সত্ৰ আৰু নামঘৰসমূহ আজি পুৱাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে। নামঘৰসমূহত ভকত আৰু আয়তীসকলে নাম-প্ৰসংগ, গীত-নৃত্য অনুষ্ঠানৰ আয়োজন কৰে। মাজুলীৰ ৩৩ খন সত্ৰ আৰু তিনিশৰো অধিক নামঘৰৰ লগতে প্ৰতিটো পৰিয়ালে জন্মাষ্টমী পালন কৰিছে বুলি আমাৰ মাজুলীৰ সংবাদদাতাই জনাইছে।...

August 16, 2025 6:34 PM

views 36

দেশৰ বিভিন্ন অংশত ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন

দেশৰ বিভিন্ন অংশত আজি ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধান মন্ত্রী জন্মাষ্টমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভগৱান শ্ৰীকৃষ্ণই মানৱ জাতিক সকলোৰে কল্যাণৰ বাবে নিষ্ঠাবান হৈ সঠিক পথ অনুসৰি কিদৰে কৰ্তব্য সম্পাদন কৰিব পাৰি তাৰ সন্ধান দিছে। শ্ৰীমতী মুৰ্মুৱে লগতে ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই যোৱা পথ অনুসৰণ কৰিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সুদৃঢ়কৰণৰ বাবে কাম কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে। প্...

August 26, 2024 11:02 AM

views 49

সমগ্র দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

সমগ্র দেশতে আজি প্রভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে মন্দিৰত গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জনমভূমি মন্দিৰকে ধৰি হাজাৰ হাজাৰ মন্দিৰ এই উপলক্ষে সুন্দৰভাৱে সজাই তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি জন্মাষ্টমীৰ প্ৰাকক্ষণত দেশবাসী তথা প্রবাসী ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্ত...

August 25, 2024 7:54 PM

views 42

জন্মাষ্টমী উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ সকলো নাগৰিক তথা প্রবাসী ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জন্মাষ্টমীৰ প্ৰাকক্ষণত সকলো নাগৰিক তথা প্রবাসী ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই উৎসৱে আমাক ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে উৎসাহিত কৰে। শ্ৰীমতী মুৰ্মুৱে শ্ৰীমদভাগৱৎ গীতাত থকা শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনক সমগ্ৰ মানৱ জাতিৰ বাবে উত্তৰণ আৰু প্ৰেৰণাৰ শাশ্বত উৎস আখ্যা দিয়ে। শ্রীমতী মুর্মুৱে ভগৱান শ্ৰীকৃষ্ণৰ আদর্শেৰে পৰিচালিত হ'বলৈ সকলোকে আহ্বান জনোৱাৰ লগতে দেশৰ সমৃদ্ধি তথা প্ৰগতিৰ বাব...