March 7, 2025 10:29 AM

views 32

আজি জন ঔষধী দিৱস

আজি জন ঔষধী দিৱস। জেনেৰিক ঔষধৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে এই আঁচনিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। সুলভ মূল্যত উন্নতমানৰ জেনেৰিক ঔষধ উপলব্ধ কৰোৱাই হৈছে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধী আঁচনিৰ মূল লক্ষ্য। আমাৰ সংবাদদাতাই জনোৱা মতে ৰাসায়ন আৰু সাৰ মন্ত্ৰালয়ে এই উদ্যমক উদগনি যোগোৱাৰ বাবে সপ্তাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে জনসাধাৰক প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধী কেন্দ্ৰসমূহত সুলভ মূল্যত উন্নতমানৰ ঔষধ উপলদ্ধ কৰোৱাৰ বাবে ২০০৮ চনৰ নৱেম্বৰ মাহত এই আঁচনি মুকলি কৰ...