December 1, 2025 6:58 PM

views 27

যমুনামুখত ৰে’লৱে উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত যমুনামুখত কেইবাটাও উন্নয়নমূলক প্রকল্পৰ শুভাৰম্ভ কৰে। তেওঁ যমুনামুখ ৰেলৱে উৰণ সেতুখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উৰণ সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই নির্মাণে অঞ্চলটোত যান-জঁটৰ সমস্যা হ্ৰাস কৰি জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সুবিধা প্ৰদান কৰিব ৷