May 8, 2025 11:33 AM

views 19

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানী সেনাৰ নিৰৱচ্ছিন্ন গোলাবর্ষণ, ভাৰতীয় সেনাৰ যোগ্য প্ৰত্যুত্তৰ

যোৱা নিশা পাকিস্তানৰ সেনাই নিয়ন্ত্ৰণৰেখাত নিৰৱচ্ছিন্নভাৱে গোলাবর্ষণ কৰে। অৱশ্যে সেনাবাহিনীয়ে পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘা কৰি চলোৱা এই গোলাবর্ষণৰ যথাযোগ্য প্ৰত্যুত্তৰ দিয়ে। সেনাবাহিনীৰ সূত্ৰই জনোৱা অনুসৰি পাকিস্তানৰ সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপৰ কুপৱাৰা, বাৰামুল্লা, উৰি আৰু আখনুৰ অঞ্চলত গোলাবর্ষণ কৰে। উল্লেখযোগ্য যে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখা আৰু ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ নিকটৱৰ্তী শতাধিক বাসিন্দাক সুৰক্ষাজনিত কাৰণত ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।