April 13, 2025 5:41 PM

views 23

জালিয়ানবালাবাগৰ শ্বহীদসকলৰ প্ৰতি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জালিয়ানবালাবাগৰ শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ১৯১৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰি কয়, যে তেওঁলোকৰ এই ত্যাগে দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰৱাহক শক্তিশালী কৰি তুলিছিল। এই সকল অমৰ শ্বহীদৰ অনুপ্ৰেৰণাত দেশবাসীয়ে নিজৰ সমগ্ৰ সত্তাৰে ভাৰতৰ প্ৰগতিত অৰিহণা যোগাই যাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি জগদ...