May 19, 2025 12:10 PM

views 23

ছদিনীয়া কাৰ্যসূচীৰে বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰৰ নেডাৰলেণ্ডছ, ডেনমাৰ্ক আৰু জাৰ্মানী ভ্ৰমণ

বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰ আজি ছদিনীয়া ভ্রমণসূচীৰে নেডাৰলেণ্ডছ, ডেনমাৰ্ক আৰু জাৰ্মানীলৈ ৰাওনা হ'ব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ড০ জয়শংকৰে এই ভ্ৰমণকালত তিনিওখন ৰাষ্ট্ৰৰে নেতৃবৰ্গক সাক্ষাৎ কৰিব। তাত তেওঁ দেশকেইখনৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ লগতে দ্বিপাক্ষিক সম্পর্ক অধিক উন্নত কৰাৰ উদ্দেশ্যে কেইবালানি আলোচনাত মিলিত হ'ব।