August 18, 2024 12:02 PM

views 30

যাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ প্ৰদৰ্শনেৰে মৰিগাঁৱত মায়ং ইন্দ্রজাল যাদু মহোৎসৱ

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মায়ং মহাবিদ্যালয় খেলপথাৰত প্রথমবাৰৰ বাবে মায়ং ইন্দ্রজাল যাদু মহোৎসৱ অনুষ্ঠিত হ'ব। ইতিহাস প্রসিদ্ধ মায়ঙত পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে আয়োজন কৰা এই যাদু মহোৎসৱ সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হ'ব। শোভাযাত্ৰাত অঞ্চলটোৰ যাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা হ'ব বুলি জিলাখনৰ আয়ুক্ত দেৱাশীষ শর্মাই জানিবলৈ দিয়ে। কাৰ্যসূচীৰ অংশ হিচাপে মায়ঙৰ যাদু শীৰ্ষক এখন আলোকচিত্র প্রদর্শনীৰো আয়োজন কৰা হৈছে। প্ৰস্তুতি বৰ্ষ ...