December 29, 2025 7:52 PM

views 46

যাদৱ পায়েঙলৈ বন বিভাগ আৰু প্রশাসনৰ সাহায্যৰ আশ্বাস

বিশিষ্ট প্রকৃতিপ্রেমী, অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙৰ মূলাই কাঠনিত কালি দুর্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাৰ বন মন্ত্রী চন্দ্রমোহন পাটোৱৰীয়ে আজি ফোনযোগে বুজ লয়। মন্ত্ৰীগৰাকীয়ে শ্রীপায়েঙৰ কন্যাৰ সৈতে ফোনযোগে কথা পাতি সকলো বিষয় সন্দর্ভত অৱগত হোৱাৰ লগতে বন বিভাগ আৰু প্রশাসনে সাহায্য আগবঢ়াব বুলি আশ্বাস দিয়ে। উল্লেখযোগ্য যে যাদৱ পায়েঙৰ কন্যা মুন্সী পায়েং আৰু এটা ৭০জনীয়া দলৰ প্ৰচেষ্টাত ২০২২ চনৰ পৰা চাপৰিটোত গছপুলি ৰোপণৰ কাম আৰম্ভ হৈছিল। স্থানীয় যুৱক আৰু দর্শনার্থীসকলে বহু সময় চেষ্টা চলাই অগ্নি নির্বা...