January 5, 2025 10:44 AM

views 36

দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে আজি দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হ'ব। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় বিষয়ৰ উপৰি নিৰাপত্তা বিষয়ক আলোচনাৰ লগতে মহাকাশ প্ৰতিৰক্ষা আৰু কৌশলগত প্ৰযুক্তি সহযোগিতা সন্দৰ্ভত আলোচনা কৰিব বুলি আশা কৰা হৈছে। এই ভ্রমণকালত আমেৰিকাৰ নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰিব। তেওঁ দিল্ল...