August 8, 2026 1:39 PM
10
তামুলপুৰত হাতীদাঁতৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক
অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে যোৱানিশা অভিযান চলাই তামুলপুৰৰ বঙালীপাৰাৰ পৰা হাতীদাঁতৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰে। ধৃত লোকদুজন তামুলপুৰৰ নিবাসী গৌহম বসুমতাৰী আৰু শ্বদৌমা বড়িমাতাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোক দুজনৰ পৰা প্ৰায় চাৰি কেজি ওজনৰ দুটা হাতী দাঁত উদ্ধাৰ কৰে। প্ৰাৰম্ভিক তদন্তত প্রকাশ পোৱা মতে লোকদুজনে হাতীদাঁত দুটা বহু পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰীৰ চেষ্টা চলাইছিল। পাছত বিশেষ কার্যবাহিনীয়ে হাতীৰ দাঁত দুটাৰ সৈতে অন্যান্য জব্দকৃত সামগ্রী বন বিভাগৰ হাতত অর্পণ...