October 28, 2026 8:49 PM

views 6

টাৱাঙত কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজন

অৰুণাচল প্ৰদেশৰ টাৱাঙত কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজন কৰা হৈছে। পর্যটন মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰ্যটন কেন্দ্ৰ হিচাপে প্ৰসাৰৰ লক্ষ্যৰে এই মেলাৰ আয়োজন কৰিছে। মেলাত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পর্যটন অংশীদাৰসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিচিত্ৰ পৰ্যটন সম্ভাৱনা প্ৰদৰ্শনৰ লগতে ব্যৱসায় অংশীদাৰিত্ব শক্তিশালী কৰিব। মেলাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্রী গজেন্দ্র সিং শেখাৱট, কেন্দ্ৰীয় পর্যটন আৰু পেট্ৰ'লিয়...