September 30, 2024 8:55 PM

views 38

ইটানগৰত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক সামৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত আয়োজিত বৈঠকত আঞ্চলিক গ্রাম্য বেংক আৰু পৃষ্ঠপোষক বেংকসমূহৰ অধ্যক্ষসকল উপস্থিত থাকে। বৈঠকত বিত্তীয় সেৱা বিভাগৰ সচিব, অতিৰিক্ত সচিবৰ উপৰি আৰ বি আই, নাবার্ড আদিৰ প্ৰতিনিধি তথা উত্তৰ-পূৰ্বৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত ডিজিটেল প্রযুক্তি সেৱা উন্ন...