July 27, 2026 9:29 PM

views 32

আই এছ এছ এফ বিশ্বকাপত মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ ইশা সিঙৰ সোণৰ পদক

চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্রতিযোগিতাৰ আজি মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ ইশা সিঙে সোণৰ পদক অৰ্জন কৰে। অলিম্পিক পদক বিজয়ী মনু ভাকেৰে এই শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।  কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে প্রতিযোগিতাত পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে ইশা সিং আৰু মনু ভাকেৰক অভিনন্দন জনাইছে।

July 13, 2024 1:38 PM

views 62

আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ভাৰতৰ সবিৰা হাৰিছৰ ব্ৰঞ্জৰ পদক

ভাৰতৰ সবিৰা হাৰিছে ইটালীৰ পোৰপেটোত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ শ্বুটিং বিশ্বকাপৰ মহিলাৰ টেপ শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। সবিৰাই কালি ফাইনেলত ৪০টাৰ ভিতৰত ২৯টা লক্ষ্যত আঘাট হানে।