March 14, 2025 8:25 PM

views 23

ইছৰোৰ উপগ্রহ উৎক্ষেপনৰ জৰিয়তে প্রায় ১৪৩ মিলিয়ন আমেৰিকান ডলাৰ বৈদেশিক মুদ্ৰা আহৰণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে উপগ্রহ উৎক্ষেপনৰ জৰিয়তে প্রায় ১৪৩ মিলিয়ন আমেৰিকান ডলাৰ বৈদেশিক মুদ্ৰা আহৰণ কৰিছে। বিগত দশকটোত ইছৰোৱে ৩৯৩টা বিদেশী উপগ্ৰহৰ লগতে তিনিটা ভাৰতীয় উপগ্রহ ব্যৱসায়িক ভিত্তিত উৎক্ষেপন কৰা বুলি মহাকাশ সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰিছে। ২০১৫ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ডিচেম্বৰৰ সময়ছোৱাত এই উপগ্রহসমূহ উৎক্ষেপন কৰা হয়। ইছৰোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ছিংগাপুৰ আৰু কেইবাখনো উন্নত ৰাষ্ট্ৰকে ধৰি মুঠ ৩৪খন বিদেশী ৰাষ্ট্ৰই উপগ্রহ উৎক্ষেপন কৰিছে।