September 7, 2026 8:28 PM
2
ইছৰো সংস্থা ব্যক্তিগতকৰণৰ খবৰ অস্বীকাৰ অধ্যক্ষ ভি নাৰায়ণৰ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণে সংস্থাটোৰ ব্যক্তিগতকৰণৰ খবৰ অস্বীকাৰ কৰিছে। আজি বাংগালুৰুত চি আই আইয়ে আয়োজন কৰা এখন বাণিজ্য মেলাত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা কথা বতৰাত ইছৰোৰ মুৰব্বীগৰাকীয়ে কষ যে ইছৰো হৈছে এটা চৰকাৰী সংস্থা আৰু এই সংস্থাটোৰ ব্যক্তিগত কৰণৰ কোনো প্রশ্নই উত্থাপন হ'ব নোৱাৰে। অৱশ্যে চৰকাৰে দিয়া নির্দেশ অনুসৰি আৰু নতুন মহাকাশ নীতিৰ সৈতে সংগতি ৰাখি ব্যক্তিগত খণ্ড মহাকাশ কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে বুলিও তেওঁ মন্তব্য কৰে।