June 20, 2025 11:27 AM
142
ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ অধিক তীব্ৰতৰ
ইজৰাইল আৰু ইৰাণৰ মাজত বিগত ৭ দিন ধৰি চলি থকা যুদ্ধখন অধিক তীব্ৰতৰ হৈ উঠিছে। ইজৰাইলে কালি তেহৰাণত থকা ইৰাণৰ অভ্যন্তৰীণ সুৰক্ষা মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ বিপৰীতে ইৰাণ দক্ষিণ ইজৰাইলৰ এখন চিকিৎসালয়ত ক্ষেপনাস্ত্ৰৰে আঘাট সানে। দুয়োখন দেশে পৰস্পৰৰ গুৰুত্বপূৰ্ণ প্রতিষ্ঠানসমূহক লক্ষ্য কৰি আক্ৰমণ চলাই আছে। শেহতীয়া ইতিহাসত দুয়োখন দেশৰ মাজৰ পোনপটীয়া সামৰিক সংঘৰ্ষৰ ভিতৰত এইবাৰৰ সংঘৰ্ষ অধিক ভয়াৱহ ৰূপে পৰিগণিত হৈছে। ইজৰাইলৰ সেনাই কালি তেহৰাণ আৰু কৰাজৰ চৰকাৰী প্ৰতিষ্ঠান তথা ফ্যায়াম...