May 30, 2025 7:51 PM

views 45

সংঘৰ্ষজৰ্জৰ গাজাত ৬০ দিনীয়া যুদ্ধ বিৰতিত ইজৰাইলৰ সন্মতি প্রকাশ

সংঘৰ্ষজৰ্জৰ গাজাত সামৰিক অভিযান অব্যাহত ৰখা অৱস্থাতে ইজৰাইলে ৬০ দিনীয়া যুদ্ধ বিৰতিৰ বিষয়ত সন্মতি প্রকাশ কৰিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছে। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ'লিন লেৱিটে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে নিশ্চিত কৰি দি কয়, যে আমেৰিকাৰ মধ্যপ্রাচ্য বিষয়ৰ বিশেষ দূত ষ্টিভ উইটকফে ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে মিলি হামাছক যুদ্ধবিৰতি সম্পৰ্কীয় এই প্ৰস্তাৱ দাখিল কৰিছিল। ইজৰাইলে এই প্ৰস্তাৱত সন্মতি ব্যক্ত কৰা বুলিও তেওঁ লগতে প্ৰকাশ কৰে। অৱশ্যে বিষয়টোক লৈ আলাপ-আলোচনা এ...