January 17, 2025 8:29 PM

views 30

আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১,৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন

অর্থনৈতিক বিষয়ক কেন্দ্রীয় মন্ত্রীসভা সমিতিয়ে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড চমুকৈ আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১ হাজাৰ ৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্রীয় মন্ত্রীসভাই কালি অনুমোদন দিয়া আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ এই সাহায্যৰ বিষয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত প্ৰকাশ কৰে। তেওঁ কয় যে অন্ধ্ৰ প্ৰদেশত থকা আৰ আই এন এলে দেশৰ তীখা খণ্ডত এটা গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। তেওঁ লগতে কয় যে এই সাহায্যৰ ফলত আৰ আই এন এলৰ সকলো কৰ্ম...