February 5, 2025 12:58 PM

views 16

ইণ্ডিয়ান ছুপাৰ লীগত আজি মোহন বাগান ছুপাৰ জায়েণ্ট আৰু পঞ্জাৱ ফুটবল ক্লাবৰ খেল

ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত আজি মোহন বাগান ছুপাৰ জায়েণ্ট দলটো পঞ্জাৱ ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন কলকতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে, মোহন বাগানে এতিয়ালৈ ক্ৰমাগত ৮ খন খেলত অপৰাজিত হৈ আছে। ১৩ খন খেলত জয় আৰু ৪ খনত ড্ৰ'ৰে ১৯ খন খেলত মুঠ ৪৩ পইণ্টেৰে দলটো পইণ্ট তালিকাৰ শীৰ্ষত আছে। আনহাতে ৭ খন খেলত জয় আৰু ২ খনত ড্ৰৰে মুঠ ২৩ পইণ্ট সংগ্ৰহ কৰা পঞ্জাৱ ফুটবল ক্লাব পইণ্ট তালিকাৰ নৱম স্থানত আছে।