January 13, 2025 10:54 AM

views 36

আই এছ এলত জামছেদপুৰ এফ চিৰ হাতত মুম্বাই চিটী এফ চি পৰাস্ত

ফুটবলৰ ইণ্ডিয়ান ছুপাৰ লীগত কালি জামছেদপুৰ এফ চিয়ে মুম্বাই চিটী এফ চিক ৩-০ গলত পৰাস্ত কৰে। জামছেদপুৰ এফ চিৰ হৈ মহম্মদ ছানান, জৰ্দান মুৰে আৰু জভী হার্নাণ্ডেজে এটাকৈ গ'ল দিয়ে। এই জয়ৰ সৈতে পইণ্টছ তালিকাত জামছেদপুৰ এফ চি তিনি নম্বৰলৈ উন্নীত হয়। আজি কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ঘৰুৱা দল কেৰালাই ব্লাষ্টাৰ্ছ এফ চি, ওড়িশা এফ চিৰ মুখামুখি হ'ব। খেলখন আজি নিশা চাৰে বজাত আৰম্ভ হ'ব।