June 11, 2025 8:03 PM

views 55

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব

জুলাইৰ পৰা আধাৰৰ সৈতে একাউণ্ট প্রামানিকৃত সকলেহে আই আৰ ছি টি চিৰ ৱেৱছাইট আৰু এপৰ জৰিয়তে অনলাইনযোগে তৎকাল টিকট বুক কৰিব পাৰিব বুলি ৰে'ল মন্ত্ৰালয়ে প্রকাশ কৰিছে। তৎকাল টিকট বুকিঙৰ প্ৰক্ৰিয়াটো অধিক নিকা আৰু স্বচ্ছ কৰি তোলাৰ লগতে যাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভাৰতীয় ৰে'ল বিভাগে তৎকাল টিকট বুকিং প্ৰণালীৰ কেতবোৰ গুৰুত্বপূৰ্ণ সাল-সলনিৰ কথা ঘোষণা কৰিছে। এই অনুসৰি ১৫ জুলাইৰ পৰা অনলাইনযোগে তৎকাল টিকট বুকিঙৰ বাবে আধাৰ আধাৰিত অ টি পি প্রমাণিকৰণ বাধ্যতামূলক হ'ব।