March 22, 2025 9:09 PM

views 38

আইপিএলত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ চাৰিটা বৃহৎ পৰিৱৰ্তন

ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত এইবাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বিচিচিআই) চাৰিটা বৃহৎ পৰিৱৰ্তন কৰিছে। পৰিষদৰ মুখ্য কাৰ্যালয়ত কালি দলসমূহৰ অধিনায়ক, প্ৰশিক্ষক আৰু প্ৰৱন্ধকসকলৰ সৈতে বিচিচিআইৰ এখন বৈঠকত সর্বসন্মতিক্রমে বলত লেলাৱতি লগোৱা কাৰ্যত অনুমতি দিয়া হয়। ক'ভিড মহামাৰীৰ সময়ত এই কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তদুপৰি সন্ধিয়াৰ ভাগত অনুষ্ঠিত খেলসমূহত কুঁৱলীৰ বাবে উৎপন্ন হোৱা প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ উদ্দেশ্যে পাছত বলিং কৰা দলে ১০ অভাৰৰ পাছত বল বদলিৰ বাবে অনুৰোধ কৰিব ...