May 20, 2024 1:12 PM

views 47

বৰষুণৰ বাবে বাতিল ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ চাৰে ৩ ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্রেয়াছ আয়াৰে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্রতিকুল বতৰৰ বাবে খেলখন ৭ অভাৰলৈ সীমিত কৰিবলৈ বাধ্য হয় যদিও ইয়াৰ ঠিক পাছতেই পুনৰ বৰষুণ হোৱাত খেলখন সম্পূৰ্ণৰূপে বাতিল ঘোষণা কৰা হয়। ফলাফলবিহীন এই খেলখনৰ বাবে ৰাজস্থান ৰয়েলছ প্ৰতিযোগি...

May 13, 2024 11:30 AM

views 47

গুৱাহাটীত হ’বলগা আই পি এল খেলৰ বাবে আজি উপস্থিত হ’ব ৰাজস্থান ৰয়েলছৰ খেলুৱৈ

গুৱাহাটীত অনুষ্ঠিত হ'বলগা দুখনকৈ আই পি এল খেলত অংশ লোৱাৰ বাবে আজি মহানগৰীত ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল উপস্থিত হ'ব। বিয়লি ৪ বাজি ৪৫ মিনিটত বৰঝাৰ বিমান বন্দৰত দলটোৰ বিশেষ বিমানে অবতৰণ কৰিব। ইফালে কালি আবেলি পঞ্জাব কিংছ দলো গুৱাহাটীত উপস্থিত হৈছে। আজি পঞ্জাব কিংছৰ খেলুৱৈসকলে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত বিয়লি ৪ বাজি ৪৫ মিনিটত অনুশীলন কৰিব। উল্লেখযোগ্য যে ইণ্ডিয়ান প্রীমিয়াৰ লীগৰ প্ৰথম চিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিব। ...