May 13, 2025 8:19 PM

views 23

ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনাৰ বাবে স্থগিত ৰখা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ ১৭ মে’ৰ পৰা আৰম্ভ

ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে এসপ্তাহজোৰা বিৰতিৰ পাছত চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ হ'ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পাছত ৯ মে'ত আই পি এলৰ সকলো মেচ স্থগিত ৰখা হৈছিল। ১৭ মে'ত আই পি এল পুনৰ আৰম্ভ হোৱাৰ পাছত বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। অৱশ্যে মোহালী অথবা ধৰমশালাত কোনো মেচ অনুষ্ঠিত...