May 16, 2025 11:25 AM

views 39

আই পি এল ক্রিকেট প্রতিযোগিতাৰ স্থগিত ৰখা খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ’ব

ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাময় পৰিৱেশৰ বাবে সাময়িকভাৱে স্থগিত ৰখা আই পি এল ক্রিকেট প্রতিযোগিতাৰ পৰৱৰ্ত্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ চেন্নাইৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। ৮ মে'ত খেল চলি থকা অৱস্থাত স্থগিত হোৱা পঞ্জাব কিংছ আৰু ডেলহি কেপিটেলছৰ মাজৰ খেলখন ২৪ মে'ত জয়পুৰত অনুষ্ঠিত হ'ব।