February 10, 2025 6:34 PM

views 61

চলিত বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি

চলিত বিত্তীয় বৰ্ষত ভাৰতে প্ৰথম বাৰৰ বাবে ১ লাখ কোটি টকা মূল্যৰ আইফোন ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। এখন ইংৰাজী দৈনিক কাকতত প্ৰকাশিত এটা বাতৰিৰ আঁত ধৰি ইলেকট্ৰনিক আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য প্ৰকাশ কৰে।এই সফলতাৰ বাবে তেওঁ চৰকাৰৰ উৎপাদনশীলতাৰ সৈতে সংযুক্ত উদগণিমূলক আঁচনিসমূহ কৃতিত্বৰ অধিকাৰী বুলি মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৰৱৰ্ত্তী বিত্তীয় বৰ্ষত সামগ্ৰিকভাৱে দেশৰ পৰা স্মার্ট ফোন ৰপ্তানিৰ পৰিমাণে ২ লাখ ২৫ হাজাৰ কোটি টকা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে।