November 24, 2025 8:31 PM

views 55

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্বাহিদ ষ্টুডিঅ’ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত

গোৱাত অনুষ্ঠিত হৈ থকা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি শ্বাহিদ ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত হৈ যায়। ৰবি কিশোৰ আৰু ৰোহিত খাণ্ডেকৰে মুখ্য ভূমিকা ৰূপায়ণ কৰা এই ছবিখনত এখন ঘৰ আৰু ঘৰখনৰ সদস্যসকলৰ মাজত থকা বিভিন্ন অনুভূতিসমূহ সুন্দৰভাৱে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সম্পূৰ্ণৰূপে গোৱাত চিত্ৰগ্ৰহণ কৰা এই ছবিখনৰ বাহিৰেও পূৰ্বৰ গোৱাৰ চলচ্চিত্ৰ মহোৎসৱত একে প্ৰযোজনাৰ ৫খন ছবি প্ৰদৰ্শিত হৈছে।