November 27, 2024 7:24 PM

views 29

গোলাঘাটৰ দেওপাহাৰত থকা প্ৰত্নতাত্ত্বিক সমলসমূহ সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবঃ মুখ্যমন্ত্ৰী

কাজিৰঙাত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ নুমলীগড়ৰ দেওপাহাৰ ভ্ৰমণ কৰে। দেওপাহাৰৰ শৃংগত থকা পুৰণি মন্দিৰত সেৱা লৈ পাহাৰটোত থকা প্ৰত্নতাত্ত্বিক সমলসমূহ সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই সন্দৰ্ভত বিতং প্রকল্প প্রতিবেদন প্রস্তুত কৰিবলৈ গোলাঘাট আয়ুক্তক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাজিৰঙালৈ অহা পৰ্যটকসকলক দেওপাহাৰৰ সৌন্দৰ্য তথা অষ্টম, নৱম শতিকাৰ সমলসমূহ চাবলৈ...