June 23, 2024 7:39 PM

views 36

ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে তিনিচুকীয়াৰ শৰৎ মৰাণৰ ভাৰতীয় দলত স্থান লাভ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কুলিবিল গাঁৱৰ শৰৎ মৰাণে ইন্দো-বাংলাদেশ হেণ্ডবল চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় জাতীয় দলত স্থান লাভ কৰিছে। বিগত ১০ বছৰ ধৰি হেণ্ড বল খেলি অহা মৰানে ভাৰতীয় দলত স্থান লাভ কৰাত পৰিয়াল আৰু গাঁওবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। ইপিনে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা হেণ্ডবল দলত ধেমাজি জিলাৰ মৃদুস্মিতা লাগাছুৱে স্থান লাভ কৰিছে। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী লাগাছুৱে জাতীয় দলত স্থান লাভ কৰাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে খেলুৱৈগৰাকীক অভিনন্দন জনায়।