April 16, 2025 2:38 PM

views 35

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ ২০২৪ বৰ্ষৰ বিশ্বৰ সবাতকৈ ব্যস্ত বিমান বন্দৰসমূহৰ ভিতৰত নৱম স্থান লাভ

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰে ২০২৪ বৰ্ষৰ বিশ্বৰ সবাতকৈ ব্যস্ত বিমান বন্দৰসমূহৰ ভিতৰত নৱম স্থান লাভ কৰিছে। বিমান বন্দৰটোৰে আহ যাহ কৰা যাত্ৰীৰ সংখ্যা ২০২৩ বৰ্ষৰ তুলনাত ৭.৮ শতাংশ আৰু ২০১৯ চনৰ তুলনাত ১৩.৬ শতাংশ বৃদ্ধি পাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৰ্টছফিল্ড জেকচন আটলান্তা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰে এই তালিকাত শীর্ষস্থান লাভ কৰিছে।