October 24, 2024 6:58 PM

views 23

আলবানিয়াত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰৰ ব্ৰঞ্জৰ পদক লাভ

আলবানিয়াৰ টিৰানাত অনুষ্ঠিত মল্লযুঁজৰ ২৩ বছৰ অনূৰ্ধ্ৱৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ বিশ্বজিৎ‍ ৰামচন্দ্ৰই আজি ব্ৰঞ্জৰ পদক লাভ কৰিছে। ৫৫ কিলোগ্ৰাম গ্ৰেক' ৰোমান শাখাত ভাৰতৰ বিশ্বজিতে আদম ওলবাছেভক ১৪-১০ ফলাফলত পৰাস্ত কৰে। প্রতিযোগিতাত ভাৰতৰ এইটো প্ৰথম পদক । ইয়াৰ পূৰ্বে ভাৰতৰ অঞ্জলিয়ে মহিলাৰ ৫৯ কিলোগ্রাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ ছেমি ফাইনেলত ইটালীৰ অ’ৰ’ৰা ৰুছোক ৪-০ ফলাফলত পৰাস্ত কৰে।