June 29, 2026 1:38 PM

views 19

ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বী শ্রীকান্ত

চলিত বৰ্ষৰ ইউ এছ অপেন বেডমিন্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বী শ্রীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফ’র্নিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্রীকান্তে জাপানৰ য়ুদাই অ'কিমোতোক ২২-২০,১৫-২১,২১-১৯ গেমত পৰাস্ত কৰে। ৩৩ বছৰীয়া ভাৰতীয় খেলুৱৈ গৰাকী কাইলৈ ফাইনেলত চীনা টাইপেইৰ অষ্টম বাচনিৰ চু লী - য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে দুখন খেলত মুখামুখি হৈছিল আৰু উভয়ে এখনকৈ খেলত জয়ী হৈছিল। ইপিনে, মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ দেৱীকা চিহাগ ডেনমাৰ...