February 18, 2025 7:35 PM

views 42

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলৰ নতুন জাৰ্চি মুকলি

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে সমাগত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নতুন জাৰ্চি মুকলি কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বিচিচিআয়ে খেলুৱৈসকলৰ জাৰ্চিৰ আলোকচিত্ৰ শ্বেয়াৰ কৰে। ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে পৰিধান কৰা নীলা ৰঙৰ জাৰ্চিৰ বাহুত ট্রাই কালাৰৰ লগতে চেম্পিয়ন ট্ৰফীৰ ল'গ' থাকিব। ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।