October 24, 2026 3:42 PM
7
কাইলৈ লক্ষ্মী পূজা
কাইলৈ ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মীৰ পূজা। সমগ্ৰ ৰাজ্যতে লক্ষ্মীপূজাৰ প্ৰস্তুতি চলি আছে। লক্ষ্মী পূজা উপলক্ষে গোৱালপাৰা জিলাৰ হাট-বজাৰসমূহ পূজাৰ সামগ্ৰীৰে উপচি পৰিছে। জিলাখনৰ বৰদামাল-বৰজুৰি লক্ষ্মী মন্দিৰত বিস্তৃত কাৰ্যসূচীৰে লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন অঞ্চলতো লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে বুলি আমাৰ বৰপেটাৰ সংবাদদাতাই জনাইছে। একেদৰে গুৱাহাটী মহানগৰৰ বেলতলা লক্ষ্মী মন্দিৰকে ধৰি বিভিন্ন ঠাইত কাইলৈ লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে।