June 14, 2026 8:29 PM
15
আৰ্চাৰী বিশ্বকাপ তৃতীয় যোগ্যতা নির্ণয়কাৰী প্রতিযোগিতাৰ ৰিকাৰ্ভমিক্সড শাখাত ভাৰতৰ ধীৰাজ বোম্মাদেৱাড়া আৰু কুমকুম মহ’ডে সোণৰ পদক লাভ
তুর্কীৰ এণ্টালিয়াত চলি থকা আৰ্চাৰী বিশ্বকাপ তৃতীয় যোগ্যতা নির্ণয়কাৰী প্রতিযোগিতাৰ ৰিকাৰ্ভমিক্সড শাখাত আজি ভাৰতৰ ধীৰাজ বোম্মাদেৱাড়া আৰু কুমকুম মহ'ডে সোণৰ পদক লাভ কৰে। প্রতিযোগিতাৰ চূড়ান্ত খেলত ভাৰতীয় যুটীটোৱে দক্ষিণ কোৰিয়াৰ অহ ইয়ে জিন আৰু কিম জে ডেকক ৫-১ ব্যৱধানত পৰাস্ত কৰে। মিক্সড টীম শাখাত এয়া হৈছে ধীৰাজ আৰু কুমকুমৰ প্ৰথমটো বিশ্বকাপ সোণৰ মেডেল।