October 14, 2024 7:49 PM

views 56

মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত ৰখা আফ্রিকীয় চিতাবাঘকেইটা বনত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া হ’ব

মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত ৰখা আফ্রিকীয় চিতাবাঘকেইটা বনত মুক্ত বিচৰণৰ বাবে মুকলি কৰি দিয়া হ'ব। পৰিবেশ মন্ত্ৰালয়ৰ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰৰ চিতা প্ৰকল্প পৰিচালনা সমিতিৰ পৰামৰ্শ অনুসৰি পোৱালীসহ চিতাবাঘকেইটা মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পর্যায়ক্রমে বাঘকেইটা মুকলি কৰি দিয়া হ'ব। সদ্যহতে ৰাষ্ট্ৰীয় উদ্যানখনত ১২ টা পোৱালীসহ ২৪ টা চিতাবাঘ আছে। চৰকাৰে দেশলৈ অধিক চিতাবাঘ লৈ অহা সন্দৰ্ভত বিভিন্ন দেশৰ সৈতে আলোচনা অব্যাহত ৰাখিছে। ইপিনে, পৰিবেশ, বন তথা জল...

October 14, 2024 7:44 PM

views 37

পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা ২০২৩ সমূহ ঘোষণা

পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা ২০২৩ সমূহ আজি নতুন দিল্লীত ঘোষণা কৰা হয়। উৎকৃষ্ট ৰাজ্যৰ শিতানত ওড়িশাই শ্রেষ্ঠ বঁটা লাভ কৰাৰ বিপৰীতে উত্তৰ প্রদেশে দ্বিতীয় স্থান লাভ কৰে। আনহাতে, পুডুচেৰী আৰু গুজৰাটে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীত অহা ২২ অক্টোবৰত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। ৯ টা শিতানত যুটীয়া বিজেতাসকলকে ধৰি মুঠ ৩৮ টা বঁটা আগবঢ়োৱা হ'ব। প্ৰতিগৰাকী বিজেতাই নিৰ্দিষ্ট শিতানত নগদ ধনৰ উপৰি বঁটা তথা প্ৰশস্তিপত্ৰ লাভ কৰিব। এখন সংবাদমেলত জলশক্...

October 12, 2024 9:22 PM

views 68

দেশৰ ভিন্ন স্থানত বিজয়া দশমী আৰু দশেৰা পালন

দেশৰ বিভিন্ন অংশত আজি বিজয়া দশমী আৰু দশেৰা পালন কৰা হৈছে। ভগৱান ৰামৰ ৰাৱণৰ বিৰুদ্ধে জয়ৰ স্মৃতিত পালন কৰা দশেৰা অশুভ শক্তিৰ বিৰুদ্ধে শুভশক্তিৰ বিজয়ৰ প্ৰতীকস্বৰূপ। এই দিনটোতে ভগৱান ৰামে ৰাৱণৰ বধ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই বিশ্বাসেৰে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি দহনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ লালকিল্লা ময়দানত শ্রীধার্মিক লীলা কমিটিয়ে আয়োজন কৰা দশেৰাৰ অনুষ্ঠানত ভাগ লয়। ইপিনে, শ্ৰী ৰামলীলা সমিতিয়ে দিল্লীৰ ...

October 11, 2024 7:57 PM

views 64

ভাৰত-লাও গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰতিৰক্ষা সহযোগিতা, সীমাশুল্ক, দৃশ্য-শ্ৰব্য আৰু ঐতিহ্য সংৰক্ষণকে ধৰি ৬খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু লাও গণতান্ত্ৰিক গণৰাজ্যই আজি প্ৰতিৰক্ষা সহযোগিতা, সীমাশুল্ক, দৃশ্য-শ্ৰৱ্য আৰু ঐতিহ্য সংৰক্ষণকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ছখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভাৰতে লগতে ভাৰত ৰাষ্ট্ৰসংঘ উন্নয়ন সহযোগিতা পুঁজিৰ জৰিয়তে লাওৰ পৰিপুষ্টি সুৰক্ষা উন্নীতকৰণৰ এটা প্ৰকল্পলৈ ১০ লাখ ডলাৰৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাওৰ ৰাজধানী ভিয়েনটাইনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লাও গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰধানমন্ত্রী চোনেক্সায় ছিফাণ্ডোনৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিকেইখন সম্পাদিত হয়। প্...

October 9, 2024 5:56 PM

views 48

প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিয়ে প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি দিছে। নতুন দিল্লীত প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাত ভাৰতৰ নেতৃত্বক সন্মান জনাই UNFPAৰ কাৰ্যবাহী সঞ্চালিকা ডাঃ নাটালিয়া কানেমে মহিলাৰ স্বাস্থ্য আৰু সুস্থতাৰ দিশত ভাৰতৰ সৈতে অংশীদাৰিত্বৰ বাবে ইউএনএফপিএ-ৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে। ড° কানেমে ২০০০ চনৰ পৰা ২০২০ চনৰ ভিতৰত প্ৰসূতি মৃত্যুৰ অনুপাত (এমএমআৰ) ৭০% হ্ৰাস কৰি ২০৩০ চনৰ পূৰ্বেই ৭০ৰ তলৰ এই অনুপাতৰ বহনক্ষম উন্নয...

October 7, 2024 9:00 PM

views 47

ভাৰতৰ ইউপিআই আৰু ইউএইৰ এএএনআই আন্তঃসংযোগৰ কাম চলি আছেঃ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল

কেন্দ্রীয় বাণিজ্য মন্ত্রী পিয়ুষ গোৱেলে কয় যে, ভাৰত আৰু ইউ এ ই চৰকাৰে ভাৰতৰ ইউ পি আই আৰু ইউ এ ইৰ-এ এ এন আই আন্তঃসংযোগৰ কাম কৰি আছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত চলি থকা লেনদেনৰ সুবিধা অধিক শক্তিশালী হব। ইযাৰ দ্বাৰা ইউ এ ইত বাস কৰা ৩০ লাখতকৈ অধিক ভাৰতীয় উপকৃত হব যাৰ ফলত ইউ পি আই আৰু এ এ এন আই শক্তি ব্যৱহাৰ কৰিব পাৰিব। মুম্বাইত আজি বিনিয়োগ সন্দৰ্ভত ভাৰত আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ যৌথ টাস্কফোৰ্চৰ দ্বাদশ বৈঠকৰ পাছত সংবাদ মেল সম্বোধন কৰি শ্রীগোৱেলে এইদৰে কয়। এই বৈঠকত সহ সভাপতি আছ...

October 7, 2024 2:48 PM

views 72

চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎ‍সালয়ত মৃত্যু

তামিলনাডুৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী এম সুব্রমন্যমে কালি চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎ‍সালয়ত মৃত্যু ঘটা বুলি সদৰি কৰে। চেন্নাইত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰচণ্ড গৰমৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। বায়ু প্ৰদৰ্শনীৰ বাবে গ্ৰহণ কৰা সকলো ধৰণৰ ব্যৱস্থাৰ বিষয়ে তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ লগতে প্ৰদৰ্শনীৰ সময়ছোৱাত যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে চিকিৎসকৰ দলো সাজু কৰি ৰখা হৈছিল বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে, জৰুৰীকালীন পৰিস...

October 4, 2024 2:48 PM

views 92

ভাৰত, নেপাল আৰু বাংলাদেশৰ মাজত পাৱাৰগ্ৰীডৰ জৰিয়তে নেপালৰ পৰা বাংলাদেশলৈ ৪০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰাৰ বাবে ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ

ভাৰত, নেপাল আৰু বাংলাদেশে ভাৰতৰ পাৱাৰগ্ৰীডৰ জৰিয়তে নেপালৰ পৰা বাংলাদেশলৈ ৪০ মেগাৱাট বিদ্যুৎ ৰপ্তানি কৰাৰ বাবে ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে। কালি কাঠমাণ্ডুত স্বাক্ষৰিত এই ত্রিপাক্ষিক চুক্তিৰ ফলত নেপাল প্রথম বাৰৰ বাবে বাংলাদেশক বিদ্যুৎ বিক্ৰী কৰিবলৈ সক্ষম হ'ব। ইয়াৰ আগতে নেপালে কেৱল ভাৰতলৈ বিদ্যুৎ ৰপ্তানি কৰি আহিছে। এই চুক্তিয়ে নেপালৰ বিদ্যুৎ শক্তি ভাৰতীয় ভূখণ্ডলৈ ৰপ্তানিৰ জৰিয়তে দুয়োখন দেশৰ মাজত বাণিজ্যিক আন্তঃগাঁথনি শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। চুক্তি অনুসৰি ভাৰতে বাংলাদেশলৈ একে প...

October 1, 2024 2:24 PM

views 83

ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধা জ্ঞাপন জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ’লনেছৰ

জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ'লনেছে আজি ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত শ্রদ্ধা জ্ঞাপন কৰে। চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে তেওঁ কালি নতুন দিল্লীত উপস্থিত হয়।

September 28, 2024 8:12 PM

views 42

১৪ কোটি ৪০ মিলিয়ন তীখা উৎপাদনেৰে ভাৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছেঃ ভূপতিৰাজু শ্ৰীনিবাস

কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰী ভূপতিৰাজু শ্ৰীনিবাসে কয় যে ১৪ কোটি ৪০ মিলিয়ন তীখা উৎপাদনেৰে ভাৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত স্বচ্ছ তীখা উৎপাদনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি মন্ত্ৰী গৰাকীয়ে তীখাৰ ক্ষেত্ৰখনত প্ৰযুক্তিগত উদ্ভাৱন আৰু দক্ষতাৰ প্ৰশংসা কৰে, যিয়ে সমগ্ৰ বিশ্বৰ তীখা উৎপাদন প্রায় ২ বিলিয়ন টন বৃদ্ধি কৰিছে। মন্ত্ৰীগৰাকীয়ে তীখা খণ্ডৰ ভৱিষ্যৎ ডিজিটেলাইজেছন আৰু বহনক্ষম তীখা উৎপাদনৰ ওপৰত নিৰ্মিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মুখ্য ...