October 6, 2026 12:17 PM

views 1

ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি প্রথমখন খেল

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হবলগীয়া পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি প্রথমখন খেল লক্ষ্ণৌত অনুষ্ঠিত হব। লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্রিকেট ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ২০২৬ বর্ষত এছিয়ান গেমছত সোণৰ পদক জয় কৰাৰ লগতে এদিনীয়া ইণ্টাৰনেশ্যনেল ছিৰিজত জয় লাভ কৰাৰ পিছত আয়োজক দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়ী হোৱাৰ লক্ষ্য ৰাখিব। ভাৰতৰ এছিয়ান গেমছ ২০২৬ দলৰ ১০ জন সদস্যক এই শৃংখলাৰ বাবে নিৰ্বাচিত কৰাৰ বিপৰীতে এদিনীয়া দলৰ তিনিজন খেলুৱৈকো দলটোৰ বাবে নিৰ্বাচন কৰা...