October 12, 2025 9:14 PM

views 47

বেষ্ট ইন্ডিজৰ ভাৰতৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ

বেষ্ট ইন্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত আজি তৃতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ কৰে। খেল সামৰাৰ পৰত ছাই হ'পে ৬৬ আৰু জন কেম্পবেলে ৮৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বেষ্ট ইন্ডিজ ৮টা উইকেট আউট হ'বলৈ বাকী থকা অৱস্থাত ভাৰততকৈ সামগ্রিকভাৱে ৯৭ ৰাণত পিচ পৰি আছে। ইয়াৰ পূর্বে ৱেষ্ট ইণ্ডিজে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ২৪৮ ৰাণ কৰিবলৈ সমর্থ হয় আৰু দলটো ফল'অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ কুলদীপ যাদবে ৫ টা, ৰ...