April 24, 2025 12:14 PM

views 33

পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সিন্ধু জল চুক্তি বাতিল, পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ

ভাৰতে পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ১৯৬০ চনৰ সিন্ধু জল চুক্তি বাতিল আৰু ততালিকে কাৰ্যকৰী হোৱাকৈ আট্টাৰী সংহত চকী বন্ধকে ধৰি ভালেমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত মন্ত্ৰীসভাৰ সুৰক্ষা বিষয়ক কমিটীৰ বৈঠকত দেশৰ সামগ্রিক সুৰক্ষা পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় আৰু সকলো সুৰক্ষা বাহিনীক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। নতুন দিল্লীত যোৱা নিশা সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয় যে এতিয়াৰে পৰা পাকিস্তানী নাগৰি...